

অটল অমৃত অভিয়ানত অন্তভূক্ত সকলো এ,পি,এল হিতাধিকাৰীয়ে কাৰ্ডসমূহ নৱীকৰণৰ বাবে ওচৰৰ জিলা তথ্য কেন্দ্ৰ সমূহত পূৰ্বতে পৰিশোধ কৰা মূল্য পৰিশোধ কৰি যোগাযোগ কৰক ৷
ভাৰত চৰকাৰ জ্ঞাত যে, প্ৰাথমিক স্বাস্থ্য সেৱাই বৰ্তমানে বিশালৰূপত বংশবৃদ্ধি, প্ৰসৱ, নৱজাতক, শিশু আৰু কিশোৰ স্বাস্থ্য(আৰএমএনচিএইচ+এ) আৰু সংক্ৰামক ৰোগসমূহৰ ওপৰত সম্প্ৰতি মনোযোগ দিয়ে|
“সুস্থ ভাৰত, সমৃদ্ধি ভাৰত(হেল্ডী ইণ্ডিয়া, প্ৰছপ্ৰ’ৰাচ ইণ্ডিয়া)” ভাৰত চৰকাৰৰ উন্নয়নৰ দৃষ্টিত স্বাস্থ্য এক গুৰু্ত্বপূৰ্ণ ভিত্তিস্বৰূপ হয় | সকলো বিশ্বজনীন স্বাস্থ্যক সামৰি লোৱাৰ উদ্দেশ্যে স্বাস্থ্যজনিত দৃষ্টি পৰিপূৰ্ণ কৰাৰ বাবে, ২০১৭ৰ ৰাষ্ট্ৰীয় স্বাস্থ্য নীতিত চৰকাৰে “আয়ুস্মান ভাৰত”(স্বাস্থ্যৱান ভাৰত) সন্নিবিষ্ট কৰিছিল, এইয়া মাননীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা গ্ৰহণ কৰা এক অগ্ৰণী পদক্ষেপ |
আয়ুস্মান ভাৰত (এবি) হৈছে স্বাস্থ্য সেৱা সৰবৰাহৰ ক্ষেত্ৰ আৰু খণ্ডিত অভিগম্যৰ পৰা ব্যাপক চাহিদা ভিত্তিক স্বাস্থ্য সেৱালৈ হস্তান্তৰ কৰাৰ এক প্ৰচেষ্টা | আয়ুস্মান ভাৰতৰ লক্ষ্য হৈছে প্রাথমিক, মাধ্যমিক আৰু তৃতীয় স্তৰত, সমগ্ৰ ৰূপত স্বাস্থ্যৰ (প্ৰতিৰোধ, প্ৰচাৰ আৰু চলনশীল সেৱা) পাৰ ভাঙি হস্তক্ষেপ কৰা | আয়ুস্মান ভাৰতে দুটা আন্তঃ-সম্পর্কিত উপাদানেৰে গঠিত সেৱা-প্ৰক্ৰিয়াৰ অভিগম্যৰ ধাৰাবাহিকতা গ্ৰহণ কৰে |
প্রধানমন্ত্রীৰ জন স্বাস্থ্য পৰিকল্পনা (পিএম-জেএৱাই) যি দৰিদ্র তথা দুর্বল পৰিয়ালৰ স্বাস্থ্য সুৰক্ষাৰ নিশ্চয়তা প্ৰদান কৰে।