সাধাৰণতে সঘনাই প্ৰশ্ন সোধা

১. প্রধানমন্ত্রীৰ জন আৰোগ্য পৰিকল্পনাৰ উদ্দেশ্য কি হয়?

পিএমজেএৱাইৰ উদ্দেশ্য হৈছে, চিকিৎসালয়ৰ দুর্ঘটনাজনিত ঘটনাৰ পৰা উদ্ভূত দৰিদ্ৰ ও দুর্বল গোষ্ঠীসমূহৰ আর্থিক বোজাৰ পৰিমাণ হ্রাস কৰা আৰু স্বাস্থ্যসেৱা পৰিসেৱাসমূহত তেওঁলোকৰ প্ৰৱেশ নিশ্চিত কৰা।

২. আঁচনিৰ অধীনত আচ্ছাদিত পৰিমাণ কিমান?

মাধ্যমিক তথা তৃতীয় সেৱাৰ বাবে প্রতি যোগ্য পৰিয়ালৰ বাবে প্রতি বছৰত পৰিয়াল ফ্ল’টাৰৰ ভিত্তিত ৫ লাখ টকাৰ নগদবিহীন চিকিৎসাৰ আচ্ছাদন|

৩. এই আঁচনিৰ সুবিধা উপভোগ কৰাৰ যোগ্য কোন?

সংজ্ঞায়িত মানদণ্ড অনুসৰি এছইচিচি-২০১১ ডাটাবেছত তালিকাভুক্ত সমস্ত পৰিয়ালকে আচ্ছাদিত কৰা হ’ব।

৪. এই আঁচনিত ব্যক্তিগত চিকিৎসালয়সমূহত কোনবোৰ ৰোগৰ বাবে পিএমজেএৱাই কাৰ্ড ধাৰক স্বত্বভোগীসকলে চিকিৎসা লাভ কৰিব পাৰিব?

বর্তমানে ১৩৯৪ পেকেজ অস্ত্রোপচাৰ, চিকিৎসা তথা ডে কেয়াৰ চিকিৎসা, ঔষধ আৰু ৰোগ নিৰ্ণয়ৰ পৰীক্ষাসমূহ পিএমজেএৱাইৰ অধীনত প্রযোজ্য নিয়ম তথা নিৰ্দেশাৱলী অনুযায়ী অন্তভূক্ত কৰা হ’ব।

৫. চৰকাৰী চিকিৎসালয়সমূহৰ বাবে কোনো সংৰক্ষিত পেকেজ আছে নেকি?

হয়। সর্বমুঠ ২২১ টা পদ্ধতিৰ কেৱল চৰকাৰী চিকিৎসালয়ৰ বাবে সংৰক্ষিত হয়।

৬. স্বত্বভোগীসকলে কাৰ্ডখন প্ৰাপ্ত কৰাৰ বাবে কিবা অতিৰিক্ত মাচুল আদায় দিয়াৰ প্ৰয়োজন আছে নেকি?

নাই, কার্ডখন বিনামূল্যে পোৱা যায় আৰু এইখন কার্ড পাবলৈ কোনো টকা আদায় দিব নালাগে।

৭. এই আঁচনিত ভৰ্তিকৰণৰ বাবে স্বত্বভোগীক কোনো নথিপত্ৰ প্ৰদান কৰা হয়?

চৰকাৰে এখন পৰিয়ালকাৰ্ড মুকলি কৰিব,চৰকাৰে এই আঁচনিৰৰ অধীনত তালিকাভুক্ত চিকিৎসালয়সমূহ সমগ্ৰ পৰিয়ালৰ সদস্যসকলৰ নগদবিহীন চিকিৎসাৰ সুবিধা গ্ৰহণ কৰাৰ বাবে ব্যৱহাৰ কৰিবলৈ স্বত্বভোগীসকলক অনুমোদন দিছে ।

৮. স্বত্বভোগী পৰিয়ালে নগদবিহীন চিকিৎসাৰ বাবে কেনেকৈ এই কার্ড পাব পাৰে?

চৰকাৰে নগদবিহীন চিকিৎসাপ্ৰাপ্ত কৰাৰ বাবে ২০১১ চনৰ এছইচিচি তথ্য অনুসৰি প্ৰত্যক্ষভাৱে স্বত্বভোগী পৰিয়াললৈ এইকাৰ্ড খন মুকলি কৰিছে |

৯. এটা পৰিয়ালক কিমানখন কার্ড প্ৰদান কৰা হ’ব?

বিশেষ যোগ্য পৰিয়ালৰ বাবে কেৱল এখন একক কার্ড প্ৰদান কৰা হ’ব।

১০.হেৰাই যোৱা বা চোৰ হোৱাৰ ক্ষেত্ৰত, পিএমজেএৱাই কাৰ্ডখন স্বত্বভোগীয়ে কেনেকৈ প্ৰাপ্ত কৰিব?

স্বত্বভোগী পৰিয়ালে তেওঁলোকৰ নিজ নিজ জিলাসমূহৰ ডুপ্লিকেট কার্ড জাৰি কৰাৰ বাবে এফআইআৰ(FIR সম্পর্কিত প্রমাণ সহ যৌথ পৰিচালক, স্বাস্থ্যেৰ সৈতে যোগাযোগ কৰিব পাৰে।

১১. এক তালিকাভুক্ত চিকিৎসালয় কি হয়?

চিকিৎসালয়সমূহ যিসকলে চৰকাৰী তথা বেচৰকাৰী দুয়োটাতে প্রধানমন্ত্রী পিএমজেএৱাইৰ( PMJAY) অধীনত স্বাস্থ্যসেৱা সুবিধাসমূহ প্ৰদান কৰাৰ বাবে এমওইউত স্বাক্ষৰ কৰিছে ।

১২. স্বত্বভোগীয়ে প্রথমে পৰিকল্পনাৰ অধীনত চিকিৎসা আৰম্ভ কৰাৰ বাবে কাৰ কাষলৈ যাব লাগে? এজন স্বত্বভোগীয়ে প্ৰত্যক্ষভাৱে এখন ব্যক্তিগত তালিকাভুক্ত চিকিৎসালয়লৈ যাব পাৰিবনে?

এই আঁচনিৰ অধীনত চিকিৎসাগ্রহণৰ বাবে, এজন স্বত্বভোগীয়ে যিকোনো তালিকাভুক্ত চিকিৎসালয়লৈ প্ৰত্যক্ষভাৱে যাব পাৰে, প্ৰসংগৰ বাবে বা পৰমাৰ্শৰ বাবে চৰকাৰী তথা বেচৰকাৰী উভয়তে নতুবা ১৮০০১০২৭৪৮০ শুল্কহীন নম্বৰত কল কৰক | চৰকাৰী চিকিৎসালয়সমূহৰ বাবে সংৰক্ষিত পদ্ধতিসমূহ কেৱল চৰকাৰী চিকিৎসালয়সমূহতেই পোৱা যাব।

১৩. স্বত্বভোগীয়ে তালিকাভুক্ত চিকিৎসালয়ত সমৰ্থনৰ বাবে কাৰ কাষলৈ যাব?

স্বত্বভোগীকে প্রতিখন তালিকাভুক্ত চিকিৎসালয়ৰ আয়ুস্মান মিত্র সহায়তা ডেস্কৰ সৈতে যোগাযোগ কৰিব পাৰে, যিটো স্বত্বভোগীসকলক সহায় কৰিবলৈ আৰু ধৰি ৰাখিবৰ বাবে আৰু নগদবিহীন অখণ্ডিত ৰূপত তেওঁলোকৰ চিকিৎসা সুনিশ্চিত কৰিবলৈ ২৪ x ৭ সহজলভ্য হৈ থাকিব |

১৪. চিকিৎসা খৰচৰ কোনো অংশ প্ৰত্যক্ষভাৱে স্বত্বভোগীয়ে প্ৰতিপূৰ্ন কৰিব পাৰিব নেকি ?

নাই নোৱাৰে, ৰোগীয়ে প্রতি পৰিয়ালৰ বাবে প্রতি বছৰত ৫ লক্ষ টকা পর্যন্ত তালিকাভুক্ত চিকিৎসালয়সমূহত নগদবিহীন চিকিৎসা পাব আৰু টকাখিনি প্ৰত্যক্ষভাৱে চিকিৎসালয়সমূহলৈ পৰিশোধ কৰা হ’ব। কোনো নগদ ৰোগীক প্রদান কৰা নহ’ব।

১৫. যদিহে চিকিৎসাৰ সৰ্বমুঠ খৰচ যি কোনো সময়তে কোনো পৰিয়ালত ₹ ৫ লাখ টকাতকৈ বেছি হ’লে বা এক বছৰৰ আগতে স্বত্বভোগী পৰিয়ালৰ বাবে ₹ ৫ লাখ টকায় শেষ হৈ গ’লে কি হ’ব?

  • যদি পিএমজেএৱাইৰ অধীনত ₹ ৫ লাখ টকা শেষ হয়, তেন্তে নিম্নলিখিতসমূহ ঘটিব পাৰে:
    • স্বত্বভোগীজন এএএৰ অধীনত যোগ্য হ’লে অতিৰিক্ত অটল অমৃত অভিযান আঁচনি (এএএ) লৈ অতিৰিক্ত খৰচ সংলগ্ন হৈ যাব আৰু প্ৰক্ৰিয়াটো প্রতি ব্যক্তিৰ বাবে অতিৰিক্ত ₹ ২ লাখ টকাৰ আঁচনিৰ অধীনত আচ্ছাদিত হ’ব।
    • অন্যথা স্বত্বভোগীজনৰ দ্বাৰা অতিৰিক্ত পৰিমাণ বহন কৰিব লাগিব।

১৬. পিএমজেএৱাইৰ বাবে পৰিয়ালৰ আকাৰৰ কোনো সীমাবদ্ধতা আছে নেকি?

পৰিয়ালৰ আকাৰ আৰু সদস্যসকলৰ বয়সৰ কোনো বাধা নাই।

১৭. কোনো অভিযোগৰ ক্ষেত্ৰত স্বত্বভোগীসকলৰ বাবে কি অতিৰিক্ত সহায় আছে?

কোনো প্রশ্ন বা অভিযোগৰ  ক্ষেত্ৰত, এজন স্বত্বভোগীয়ে ২৪ x ৭ শুল্কহীন নম্বৰ ১৮০০১০২৭৪৮০ লৈ ক’ল কৰিব পাৰে। অতিৰিক্তভাবে, কোনোৱে grievance.snc@gmail.com লৈ মেইল পঠিয়াৱ পাৰে।

১৮. পূৰ্ব-বিদ্যমান ৰোগ পিএমজেএৱাই( PMJAY )ৰ অধীনত আচ্ছাদিত হয়নে?

হয়, সকলো পূৰ্ব- বিদ্যমান ৰোগ আঁচনিৰ অধীনত আচ্ছাদিত হয় আৰু তালিকাভুক্ত চিকিৎসালয়সমূহে স্বত্বভোগীসকলৰ চিকিৎসাৰ বাবে অস্বীকাৰ কৰিব নোৱাৰে।

১৯. পিএমজেএৱাই( PMJAY )ৰ অধীনত চিকিৎসাৰ বাবে স্বত্বভোগীসকলৰ পৰা চিকিৎসালয়সমূহে কোনো টকা খুজিব পাৰেনে?

নাই, চিকিৎসালয়সমূহে স্বত্বভোগীসকলৰ দ্বাৰা ₹ ৫ লাখ টকাখিনি সম্পূৰ্ণকৈ শেষ নকৰালৈকে কোনো অতিৰিক্ত পৰিমাণ আৰোপ কৰিব নোৱাৰে, যদি এইখিনি টকা শেষ হৈ যায় তেন্তে "এএএ" কার্ডৰ অধীনত "২ লক্ষ পর্যন্ত জটিল সেৱা আচ্ছাদিত হ’লে, এইয়া টপ আপ হৈ যাব। চিকিৎসালয়সমূহে স্বত্বভোগীসকলৰ পৰা ₹ ৫ লক্ষৰ বীমাৰ সুনিশ্চিত ৰাশিৰ লৈকে চিকিৎসা চলি থকালৈকে কোনো অতিৰিক্ত টকা দাবী কৰিব নোৱাৰে|

২০. বাৰ্ষিক ₹ ৫ লক্ষ টকাৰ ভিতৰত কি আচ্ছাদিত হয়?

  • প্রতি বছৰত স্বত্বভোগী পৰিয়ালৰ বাবে ₹ ৫ লাখ টকা পৰিয়ালৰ প্রয়োজন অনুসাৰে ফ্ল’টাৰৰ ভিত্তিত পৰিয়ালৰ কোনো ভৰ্তিকৰণ সদস্যই ব্যৱহাৰ কৰিব পাৰে | ই নিম্নলিখিত আচ্ছাদিত কৰিব:
    • চিকিৎসা: সন্মত পেকেজৰ হাৰসমূহে পূৰ্ব আৰু পৰৱৰ্তী চিকিৎসালয় ভৰ্তিকৰণ অন্তৰ্ভূক্ত কৰা হ’ব |
    • অনুসন্ধানসমূহ, অস্ত্রোপচাৰৰ খৰচ, ঔষধ, ইমপ্লান্ট আৰু ৰোগীৰ বাবে আহাৰ।
    • যাত্ৰাজনিত ভাট্টা আৰু দৈনিক ভাট্টা: অটল অমৃত অভিযান আৰু প্রধানমন্ত্রীৰ জন স্বাস্থ্য পৰিকল্পনা উভয়তে উপযোগ্য হোৱা স্বত্বভোগীসকল;ঐ ৰাজ্যিক চৰ্ত অনুসৰি ৰোগীসকললৈ টিএ আৰু ডিএ পৰিশোধ কৰা হ’ব |
    • অসমৰ বাহিৰত চিকিৎসাৰ বাবে যাত্ৰাৰ ব্যয় আৰু দৈনিক ভাট্টাসমূহ কেৱল সেইসকল ৰোগীক পৰিশোধ কৰা হয়, যিসকলে এছএআৰএ, অসমৰ প্ৰসংগ পদ্ধতিৰ জৰিয়তে চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ নিৰ্দেশ কৰা হয় |

২১. চিকিৎসালয়ত ভর্তি হোৱাৰ সময়ত প্রয়োজনীয় নথিপত্ৰসমূহ কি কি ?

অসমৰ বাহিৰত আৰু ভিতৰত চিকিৎসালয়ত ভৰ্তিকৰণৰ সময়ত, স্বত্বভোগীসকলে তেওঁৰ পিএমজেএৱাইৰ কাৰ্ডখন এখন আইডি প্ৰমাণ পত্ৰৰ সৈতে(ভোটাৰ আইডি/ পান কাৰ্ড/ লাইচেন্স ইত্যাদি) দেখুওৱাব লাগিব |

২২. চৰকাৰী কর্মচাৰীসকল এই কার্ডৰ বাবে যোগ্য হয়নে?

চৰকাৰী কর্মচাৰীসকল (কেন্দ্ৰীয় বা ৰাজ্যিক / চাকৰি কৰা বা অৱসৰপ্রাপ্ত) "পিএমজেএৱাই( PMJAY )" বা "অটল অমৃত অভিযান" আঁচনিৰ অধীনত পোৱা সুবিধাৰ বাবে যোগ্য নহয়।

২৩. "এএএ" কার্ড ধাৰক যিসকল যোগ্য হয়, কিন্তু পিএমজেএৱাই কার্ড পোৱা নাই, তেওঁলোকে কেনেকৈ এই কাৰ্ড পাব পাৰিব?

তেওঁলোকে তেওঁলোকৰ পিএমজেএৱাই( PMJAY) কার্ডৰ স্থিতি জানিবৰ বাবে শুল্কহীন নম্বৰ ১৮০০১০২৭৪৮০ লৈ কল কৰিব পাৰে অথবা প্ৰতিখন জিলাৰ কিয়স্কৰ সৈতে যোগাযোগ কৰিব পাৰে।

২৪. এছইচিচি স্বত্বভোগীয়ে যিসকলে "এএএ" কার্ড পোৱা নাই, তেওঁলোকে কেনেদৰে "এএএ" কার্ড পাব পাৰে।

তেওঁলোকে এই সম্পৰ্কে জিলাসমূহৰ কিয়স্কৰ সৈতে প্ৰত্যক্ষভাৱে যোগাযোগ কৰিব পাৰে অথবা এটা মোবাইল নথিভুক্ত কিয়স্ক পৰা পাব পাৰে।

আমাৰ সৈতে যোগাযোগ কৰক